Tuesday, June 12, 2018

বিশ্ৱাস, ঘৃণা আৰু সংশয়

ডকমকাত যি হৈ গ'ল সেয়া অসমত যাতে আৰু নহওক৷ প্ৰকৃত দোষীয়ে শাস্তি পাওক৷

গোটেই ঘটনাবোৰ দেখি শুনি দুটা মান কথা মনলৈ অহাত ইয়াতে টুকি  ৰাখিলো৷

১) এচাম তথাকথিত অসমীয়াৰ অসমৰ জন জাতীয় লোক সকলৰ প্ৰতি থকা ঘৃণা

২) সমান্তৰাল ভাৱে, এচাম জন জাতীয় মানুহৰ "অসমীয়া ভাষী" সকলৰ প্ৰতি ঘৃণা

৩) অমি ইজনে সিজনক বিশ্ৱাস কম কৰোঁ, উৰাবাতৰিক অধিক বিশ্ৱাস কৰোঁ৷

৪) আৰহ্মী, প্ৰশাসন, ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সকলোৰে আস্থা হেৰাই গৈছে, গতিকে ততাতৈয়াকৈ ন্যায় আমি নিজেই  প্ৰদান কৰিবৰ বাবে হাত-ভৰি দাঙি আছো৷

৫) অসমক অশান্ত কৰি ৰখাত কাৰ কি ন্যস্ত স্ৱাৰ্থ জড়িত আছে আমি কোনেও নাজানো, বুজি নাপাওঁ, বুজিবলৈ চেষ্টা নকৰোঁ৷ ইমান খিনি মগজু আমাৰ থাকিলেহে!

গতিকে আই-বোপাই সকল, ইমানতে হ্ম্যান্ত হোৱাই ভাল৷ কাইলৈ এনে এটা দিন আহিব, অহাটো খাটাং, তেতিয়া আমি সকলোৱে একেলগে হাতত ধৰা-ধৰি কৰি আগুৱাই যাওঁতে যাতে লাজ আৰু সংকোচত ইজনে সিজনৰ চকুলৈ চাব নোৱাৰা নহওঁ৷

Sunday, February 21, 2016

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু কিছু চিন্তা

সমগ্ৰ বিশ্ব জুৰি ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বা তাৰ সপক্ষে-বিপক্ষে কোনো কথা ক'ব বিচৰা নাই৷ আজিৰ আৰু কালিৰ কাকত দুখন মেলিলৈ দুটা বেলেগ বাতৰি দেখা পালো৷ তাৰে ভাল বাতৰিটো হ'ল - বড়ো ভাষাক ৰাজ্যিক সহযোগী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে৷ নিতান্তই ভাল খবৰ, মাত্ৰ এই ঘোষণাৰ সময়টোহে যদি বিচাৰ কৰি চাওঁ - ইয়াত অলপ পৰিমাণে হ'লেও ৰাজনীতি জড়িত হৈ আছে৷ বুজা সকলে বুজিব'ই৷ কিন্তু ৰাজনীতিৰ উৰ্ধলৈ গৈ যদি এবাৰ বিচাৰ কৰি চাওঁ - আমাৰ অসমীয়া মানুহ কিমানজনে স্বইচ্ছাৰে বড়ো ভাষা শিকিবলৈ যত্ন কৰিছে! মোৰ ভুল হ'ব পাৰে, কিন্তু মই গুৱাহাটীৰ ওচৰে পাজৰে অনা বড়ো সকলক বড়ো ভাষাটো শিকাবৰ বাবে কোনোৱে আগভাগ লোৱা দেখা নাই৷ (এইটো একপক্ষীয় অনিহা নহয় নিশ্চয়!) খুব কম অসমীয়া লোক পাইছো যি বড়ো ভাষা ক'ব পাৰে বা শিকিবলৈ বিচাৰে৷ কিন্তু যি সকলে শিকিবলৈ বিচাৰে তেওঁলোকৰ বাবে সেই সুবিধাটো ক'ত? মোৰ মনত আছে, আজিৰ পৰা প্ৰায় ৩০ বছৰ মান আগতে যোৰহাট নগৰত "দেউৰী ভাষা শিক্ষাৰ পাঠদান" চলিছিল৷ তেনেকুৱা পাঠদান কাৰ্য্যসূচী আন জনজাতীয় ভাষা সমুহৰ বাবেও আছেনে? আমি অসমীয়া সকলে পণ কৰি ল'ব নোৱাৰোনে যে আমি আমাৰ জীৱন কালত এটা হ'লেও অসমৰ জনজাতীয় ভাষা সলসলীয়াকৈ ক'বলৈ শিকিম? ভুলে শুদ্ধই বঙালী বা হিন্দী ভাষা ক'বলৈ কিন্তু আমি খাৰখোৱা কেইটাই চিন্তা নকৰোঁ৷
দ্বিতীয়তে, কোনো অসমীয়া যুৱ সংগঠন এটিয়ে গুৱাহাটীৰ বহু দোকান পোহাৰৰ নাম ফলক বোৰত কেৱল ইংৰাজীত লিখা দেখিলে ক'লা ৰং সানি দিয়াৰ কাম কৰিছে৷ কামটো ভাল হৈছে নে বেয়া হৈছে, পুণৰ সেইটো বিতৰ্কলৈ যাব খোজা নাই৷ মই মাত্ৰ ক'ব খোজো যে এইটো ঘটনা হ'ব লগীয়াই আছিল৷ কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে সকিয়াই দিয়া হৈছিল গুৱাহাটী মহানগৰীৰ সকলো দোকান পোহাৰৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবৰ বাবে৷ মোৰ বোধেৰে এইটো সম্পূৰ্ণ যুক্তিসংগত আছিল৷ যি সকলে ইয়াৰ বিৰোধিতা কৰে, তেওঁলোক এবাৰকৈ পশ্চিম বংগ, চেন্নাই, বাংগালোৰ ইত্যাদি ঠাই ফুৰি অহা উচিত৷ মই বাংগালোৰত থকা অৱস্থাত, প্ৰায় 7-৮ বছৰ আগৰ কথা, এনে ঘটনা ঘটা দেখি আহিছো৷ যিবোৰ ব্যৱসায় প্ৰতিস্থানে কান্নাড়া ভাষা ব্যৱহাৰ কৰা নাই, সকলোৰে নাম ফলকত ক'লা ৰং সানি দিয়া হৈছিল৷ গতিকে এনেকুৱা ঘটনা নতুন নহয় বা অসমতে প্ৰথম ঘটা নাই৷ কিন্তু ঘটনাটোযে ঘটিল- সেইটোৱেই একাংশ অনাঅসমীয়া লোকক অহা কেইদিন মানলৈ অসমীয়াক গালি পাৰি থাকিবলৈ সুযোগ দিলে আৰু বহুদিনলৈ "একাংশ" অসমীয়া মানুহক ক্ষমাপ্ৰাৰ্থী কৰি ৰাখিব৷ 

Sunday, February 23, 2014

ঈশ্বৰ কণাৰ অস্তিত্ব

বাতৰি কাকতত লিখা মেলা বৰ কৰা হোৱা নাই এতিয়ালৈকে৷ এদিন দেউতাই বৰকৈ গালি পাৰি থকা বাবে দেউতাৰ কাকত খনত (পুৱাৰ বাতৰি) প্ৰকাশ কৰিবৰ বাবে এই লিখাটো দিছিলোঁ৷ গোটেই লিখাটো আকৌ নতুনকৈ লিখি উলিওৱা মোৰ দৰে এলেহুৱা মানুহৰ ববে সম্ভৱ নহয়, গতিকে লিখাটোৰ ছবি খনকে দি দিলোঁ৷



মোদীৰ ভাষণ, নদী সংযোগ, বাংলাদেশী সমস্যা ইত্যাদি

ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ দুবাৰকৈ আহি ভাষণ দি গ'লহি৷ দুটামান কথাত মই বৰ ভাল পাইছোঁ৷ ভাজপাৰ অসমৰ নেতায়েই এতিয়ালৈকে কিছুমান কথা সজোৰে উত্থাপন কৰিব পৰা নাই- হয়তো সৰ্বভাৰতীয় স্তৰত তেওঁলোকৰ এতিয়ালৈকে কোনো প্ৰাধান্য নাই৷ অবৈধ অনুপ্ৰৱেশ - অসমৰ এশ এবুৰি সমস্যাৰ ভিতৰত এটা সকলোতকৈ লেখত ল'বলগীয়া সমস্যা৷ এই সমস্যাটো গোটেই দেশৰে সমস্যা - সমগ্ৰ ভাৰতেই এই বোজা বহন কৰা উচিত৷ (মোদী ডাঙৰীয়াই মাত্ৰ "হিন্দু" শৰণাৰ্থী সকলৰ কথা হে কৈ গ'ল৷ কিন্তু সেইটোৱো এটা ইতিবাচক পদক্ষেপ!) অবৈধ অনুপ্ৰৱেশকাৰীক মই ধৰ্মৰ নামত বিভাজন নকৰোঁ৷

এই খিনিতে কালি ৰাতি (২২ ফেব্ৰুৱাৰী) "নিউজ টাইম"ৰ এটি আলোচনালৈ মনত পৰিছে৷ আলোচনাত ভাগ লৈছিল শ্ৰী যুত ননীগোপাল মহন্ত ডাঙৰীয়া, ৱাচবীৰ হুচেইন, প্ৰদ্যুত বৰা আৰু ৰিপুণ বৰাই৷ মহন্ত ডাঙৰীয়াৰ মতে অবৈধ অনুপ্ৰৱেশ কাৰী সকলক শৰনাৰ্থীৰ মৰ্যাদা দিয়াত ভাৰতৰ ন্যায়িক সমস্যা আছে৷ যদিহে সঁচা হয়, আৰু সঁচা বুলি মই বিশ্বাস কৰিছোঁ, তেন্তে মোদী ডঙৰীয়াৰ কথা কাৰ্য্যত পৰিণত হ'বলৈ ৬০ মাহ কিয়, ৬০ বছৰো কম হ'ব৷ কিন্তু এইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ সকলোতকৈ শক্তিশালী দাবীদাৰ জনে এই কথাটোযে কৈ গ'ল, সেইটোৱেই যথেষ্ট গুৰুত্বপূৰ্ণ৷

আজিৰ পৰা প্ৰায় ৭-৮ বছৰৰ আগৰ কথা৷ মই তেতিয়া বাংগালোৰত গৱেষণাৰত ছাত্ৰ আছিলোঁ আৰু মোৰ গাইড আছিল কৰ্ণাটকৰে ভাট চাৰ৷ তেখেত কিবা কামত গুৱাহাটীলৈ আহি ব্ৰহ্মপুত্ৰ নদী খন দেখি আচৰিত হ'ল৷ অকল তেখেতেই নহয়, মোৰ দক্ষিণ ভাৰতীয় কেইবাজনো বন্ধু - গুৱাহাটীৰ পৰা উভটি যোৱাৰ পাছত মাত্ৰ ব্ৰহ্মপুত্ৰৰ কথাই কৈ থাকিল৷ আমাৰ গৱেষণাগাৰত ভাৰতৰ প্ৰায় সকলো প্ৰান্তৰে ছাত্ৰ আছিল আৰু ভাট চাৰৰ লগত বহুতো কথাই আলোচনা কৰিব পাৰিছিলোঁ৷ কথা প্ৰসংগত চাৰে এদিন ক'লে - ব্ৰহ্মপুত্ৰ এখন বিশাল নদী৷ ইয়াৰ পানী ভাগ আন ঠাইলৈ বোৱাই নিব পাৰিলে ভাল হ'ব৷ তাকে সমৰ্থন কৰি ফুৰণ দিলে মোৰ তামিল বন্ধু চ'ক্কালিংগমে৷ তাৰ মতে, এই সম্পদ সমগ্ৰ দেশৰে সম্পদ৷ গতিকে গোটেই দেশখনেই এই সম্পদৰ ফল ভোগ কৰা উচিত৷ এই প্ৰসংগতে কৈ থওঁ, ভাট চাৰ "উত্তৰ কান্নাড়" জিলাৰ নিৱাসী আৰু তেখেত সকলৰ অঞ্চলত জনমূৰী মাটি ইমানেই বেছি যে মাত্ৰ এটা পৰিয়ালেই একোখন গাওঁ অধিকাৰ কৰি থাকে৷ চ'ক্কালিংগমৰ কথাত মই কলোঁ - নিশ্চয় আমি দেশৰ সম্পদৰ লগতে সমস্যাবোৰো ভাগ কৰি লোৱা উচিত৷ তহঁতে আমাক অলপ অলপ মাটি দে - য'ত আমি অবৈধ অনুপ্ৰৱেশকাৰী বোৰক ৰাখিব পাৰিম৷ তেতিয়া কিন্তু কোনেও একো নামাতিলে৷

গতিকে......... কথাবোৰ ইমান সহজ নহয়, দেখিলেহে লেখিম!

Monday, September 5, 2011

শিক্ষক দিৱস আৰু এটা চিন্তা

আজি (৫ চেপ্টেম্বৰ) শিক্ষক দিৱস৷ কেইবছৰ মানৰ আগলৈকে মেজৰ ওলোটা দিশত বহিছিলোঁ৷ আজি এগৰাকী ছাত্ৰীয়ে সুধিলে, 'চাৰ আপোনাৰ অনুভৱ কেনেকুৱা'? মই বোলো মেজৰ এইফালে বহি বেয়া লগা নাই! (সিহঁতক নকলোঁ, যেতিয়া সিহঁতৰে দুজন মানে মই সোধাত জীৱনত লক্ষ্য শিক্ষক হোৱা বুলি কলে.... আজি মই অত্যন্ত সুখী! অন্তত: মই সেইটো এটা কমপ্লিমেণ্ট বুলি ধৰি লৈছোঁ৷) আজি শ্ৰেণীকোঠাত হোৱা আলোচনাত নিয়মীয়া পাঠদানৰ বাহিৰেও আৰু বহু কথাই স্থান পাইছিল৷ যেনে - দুৰ্নীতিৰ সংজ্ঞা, নিৰ্বাচন, জনলোকপাল ইত্যাদি৷ লগতে আমাৰ মাজৰে কোনে কোনে বাধ্যত পৰি হ'লেও দুৰ্নীতিক প্ৰশ্যয় দিছে! উদাহৰণ অসংখ্য! কোনো ছাত্ৰীয়ে নিজৰ প্ৰাপ্য (অনুসূচীত জনজাতিৰ বাবে) জলপাণীৰ বাবে কাৰ্য্যালয়ত তাৰে এটা অংশ দিব লগা হয়! ছাত্ৰবাসত বোলে কোনোৱে জ্যেষ্ঠ ছাত্ৰৰ দাবী-হুমকিত আন কাৰোবাক ভোট দিব লগা হয়! মুঠতে আমাৰ প্ৰতিটো পদক্ষেপতে দুৰ্নীতি ইমান দকৈ শিপাই আছে যে ইয়াক নিৰ্মূল কৰাটো এতিয়া আৰু সহজসাধ্য হৈ থকা নাই৷ কিন্তু কুমলীয়া বয়সতে যদি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক দুৰ্নীতিক প্ৰশ্যয় নিদিবৰ বাবে প্ৰত্যয় নিয়াব পাৰি, মই ভাবো .. এতিয়াও আশা আছে!!

Thursday, August 4, 2011

ইণ্টাৰণেট, য়ুনিকোড আৰু উচ্চাৰণ ইত্যাদি.......

আজি কিছুদিনৰ পৰা কম্প্যুটাৰত অসমীয়াত লিখিবৰ বাবে ৰাইজ বহুপৰিমাণে আগ্ৰহী হৈ উঠা দেখিছোঁ৷ মনটো ভালো লাগিছে আৰু লগতে অলপ দুখো লাগিছে! দুখ কিয় লাগিছে, সেইটো পিছত সুযোগ পালে লিখিম৷ আজি বেলেগ এটা কথা হে লিখিব খুজিছোঁ৷

আমি অসমীয়া সকলৰ বেছিভাগেই বানানৰ প্ৰতি বৰ এটা সচেতন নহয়, আৰু ময়ো ইয়াৰ ব্যতিক্ৰম নহয়! অসমীয়া বানানৰ শুদ্ধ-অশুদ্ধ বিচাৰ কৰিবলৈ আমাৰ কেইবাখনো অভিধান আছে৷ ইংৰাজী-অসমীয়া অভিধানো আছে৷ কিন্তু আমি সকলোতকৈ বেছিকৈ ব্যৱহাৰ কৰা ইংৰাজী শব্দ কেইটামানৰে বানান কোনটো শুদ্ধ - সেইসম্পৰ্কে আমি একমত হ'ব পৰা নাই৷ উদাহৰণ - ইণ্টাৰনেট৷ বিদেশী মূলৰ শব্দবোৰত সদায় 'ন' হে হ'ব লাগে বুলি জানো৷ কিন্তু আমি এই শব্দটো উচ্চাৰণ কেনেদৰে কৰোঁ?? আমি আন ভাৰতীয় ভাষাসমূহৰ দৰে যিদৰে লিখোঁ সেইদৰে উচ্চাৰণ কৰোঁনে? (যেনে - আন সকলোৱে ণ আৰু ন বা চ আৰু ছ বেলেগ ধৰণে উচ্চাৰণ কৰে৷) বা আমি যিদৰে উচ্চাৰণ কৰোঁ সেইদৰে লিখোঁ নে? আন ভাষাৰ পৰা অহা শব্দবোৰ অসমীয়াত লিখিবলৈ যাওঁতে আমি সাধাৰণতে শুদ্ধ উচ্চাৰণটোৰ যিমান কাষলৈ যাব পাৰোঁ সিমানেই মংগল৷ এতিয়া ওপৰত কোৱা য়ুনিকোড শব্দটো বহুতে ইউনিকোড বুলি লিখে৷ কোনটো শুদ্ধ সেইটো ময়ো নাজানো৷ কিন্তু মই যিধৰণে নিজে উচ্চাৰণ কৰোঁ, সেইধৰণে লিখি ভাল পাওঁ৷ ইংৰাজীত unicode বুলি ক'লেতো আমি য়ুনিকোড বুলিয়ে উচ্চাৰণ কৰোঁ!! লিখোঁতে কিয় বেলেগ হয়? Internetটো আমি ইণ্টাৰণেট বুলিহে উচ্চাৰণ কৰোঁ৷ (দুয়োটা ণ উচ্চাৰণ কৰোঁতে আমি এবাৰো জিভাখণ দাঁতৰ সংস্পৰ্শলৈ নানোঁ! মানে .... মই নানোঁ!!) যেতিয়ালৈকে আমাৰ ভাষাবিদ সকলে মোক অলপ জ্ঞানদান নকৰে, মোৰদ্বাৰা এই ভুল হৈয়ে থাকিবযেন পাওঁ!! মিতা, শুনিছানে?

Saturday, May 28, 2011

লাচিতৰ কি হৈছিল?

আমাৰ বুৰঞ্জীৰ যিকণ জ্ঞান আছে, তাৰ পৰা ভাৱ হয় শৰাইঘাটৰ ৰণ মোগল সকলৰ বাবে এক ক্ষণিকৰ পৰাজয় হে আছিল৷ কাৰণ ৰণত পৰাজয় বৰণ কৰাৰ পাছতো মোগলে গুৱাহাটী অধিকাৰ কৰাৰ আশা এৰি দিয়া নাছিল৷ হয়তো তেওঁলোকে নিজৰ হেৰোৱা সন্মান ঘুৰাই পাবলৈ যিকোনো প্ৰকাৰে গুৱাহাটী দখল কৰিবলৈ চোপ লৈ আছিল৷ আমি এইটোও জানোঁ যে গুৱাহাটী নিজৰ দখললৈ নিবৰ বাবে মোগল সকলে চল-চাতুৰীৰো সহায় লৈছিল৷ অসমীয়াৰ মাজত যদি সেই সময়ত বিভাজন আহিল হেতেন, তেতিয়া অসমীয়াৰ বাবে গুৱাহাটী ৰক্ষা কৰাৰো উপায় নোলাল হেতেন৷ কিন্তু সেইসময়ত মোগল সফল নহ'ল৷ কিন্তু তেওঁলোকে যে আকৌ চল-চাতুৰীৰ সহায় লোৱা নাছিল তাৰ কি নিশ্চিতি আছে?

কেইবাজনো বুৰঞ্জীবিদে কয় যে শৰাইঘাটৰ ৰণৰ প্ৰায় এবছৰৰ পাছত হে লাচিতৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ কাৰণ অজ্ঞাত৷ শৰাইঘাটৰ ৰণৰ সময়ত লাচিত ৰোগাক্ৰান্ত আছিল৷ কিন্তু কিমান দিনলৈ! হয়তো লাচিতৰ মৃত্যু ৰোগত হোৱা নাছিল! (ড0 লীলা গগৈদেৱৰ লিখাত এনেকুৱাই কিবা এষাৰ পঢ়াটো মনত পৰে!) লাচিতক হত্যা কৰা হৈছিল নেকি?

মোমাই তামূলী বৰবৰুৱা অসম বুৰঞ্জীৰ সকলোতকৈ উল্লেখনীয় ব্যক্তি সকলৰ এজন৷ তেওঁৰ পুত্ৰ লাচিত৷ একেজন মানুহৰে পুত্ৰ লালুকসোলা হ'ব পাৰেনে? যিখন গুৱাহাটী ৰক্ষা কৰিবলৈ লাচিতে নিজৰ সকলো দিছিল, লালুকে ইমান সহজে মোগলক সেই গুৱাহাটী এৰি দিয়াটো যুক্তিসন্মত হয়নে? হয়তো ইয়াৰ আঁৰত এনে কিছুমান কথা আছে, তাৰ প্ৰমাণ এতিয়া বিচৰা সম্ভৱ নহয়!! কিন্তু এবাৰ ভাবি চোৱাত আপত্তি কি?

যদিহে ঘটনাটো এনেদৰে ঘটিছিল? লাচিতক এজন অচিনাক্ত আততায়ীয়ে হত্যা কৰিলে! লালুকক এইদৰে বুজোৱা হ'ল যে ইয়াৰ বাবে দায়ী ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঞি আৰু লগতে কোনো ৰাজপৰিয়ালৰ মানুহ! প্ৰতিষোধ লবৰ বাবে লালুকে কি কৰিলে সেইয়া আমি সকলোৱে জানো! এতিয়া কথা হ'ল, যদিহে এই আচনি মোগলৰ আছিল, তেন্তে এইয়া আছিল এক master stroke!!!