Sunday, February 21, 2016

আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু কিছু চিন্তা

সমগ্ৰ বিশ্ব জুৰি ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ মাতৃভাষাত শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বা তাৰ সপক্ষে-বিপক্ষে কোনো কথা ক'ব বিচৰা নাই৷ আজিৰ আৰু কালিৰ কাকত দুখন মেলিলৈ দুটা বেলেগ বাতৰি দেখা পালো৷ তাৰে ভাল বাতৰিটো হ'ল - বড়ো ভাষাক ৰাজ্যিক সহযোগী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে৷ নিতান্তই ভাল খবৰ, মাত্ৰ এই ঘোষণাৰ সময়টোহে যদি বিচাৰ কৰি চাওঁ - ইয়াত অলপ পৰিমাণে হ'লেও ৰাজনীতি জড়িত হৈ আছে৷ বুজা সকলে বুজিব'ই৷ কিন্তু ৰাজনীতিৰ উৰ্ধলৈ গৈ যদি এবাৰ বিচাৰ কৰি চাওঁ - আমাৰ অসমীয়া মানুহ কিমানজনে স্বইচ্ছাৰে বড়ো ভাষা শিকিবলৈ যত্ন কৰিছে! মোৰ ভুল হ'ব পাৰে, কিন্তু মই গুৱাহাটীৰ ওচৰে পাজৰে অনা বড়ো সকলক বড়ো ভাষাটো শিকাবৰ বাবে কোনোৱে আগভাগ লোৱা দেখা নাই৷ (এইটো একপক্ষীয় অনিহা নহয় নিশ্চয়!) খুব কম অসমীয়া লোক পাইছো যি বড়ো ভাষা ক'ব পাৰে বা শিকিবলৈ বিচাৰে৷ কিন্তু যি সকলে শিকিবলৈ বিচাৰে তেওঁলোকৰ বাবে সেই সুবিধাটো ক'ত? মোৰ মনত আছে, আজিৰ পৰা প্ৰায় ৩০ বছৰ মান আগতে যোৰহাট নগৰত "দেউৰী ভাষা শিক্ষাৰ পাঠদান" চলিছিল৷ তেনেকুৱা পাঠদান কাৰ্য্যসূচী আন জনজাতীয় ভাষা সমুহৰ বাবেও আছেনে? আমি অসমীয়া সকলে পণ কৰি ল'ব নোৱাৰোনে যে আমি আমাৰ জীৱন কালত এটা হ'লেও অসমৰ জনজাতীয় ভাষা সলসলীয়াকৈ ক'বলৈ শিকিম? ভুলে শুদ্ধই বঙালী বা হিন্দী ভাষা ক'বলৈ কিন্তু আমি খাৰখোৱা কেইটাই চিন্তা নকৰোঁ৷
দ্বিতীয়তে, কোনো অসমীয়া যুৱ সংগঠন এটিয়ে গুৱাহাটীৰ বহু দোকান পোহাৰৰ নাম ফলক বোৰত কেৱল ইংৰাজীত লিখা দেখিলে ক'লা ৰং সানি দিয়াৰ কাম কৰিছে৷ কামটো ভাল হৈছে নে বেয়া হৈছে, পুণৰ সেইটো বিতৰ্কলৈ যাব খোজা নাই৷ মই মাত্ৰ ক'ব খোজো যে এইটো ঘটনা হ'ব লগীয়াই আছিল৷ কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে সকিয়াই দিয়া হৈছিল গুৱাহাটী মহানগৰীৰ সকলো দোকান পোহাৰৰ নাম ফলকত অসমীয়া ভাষা প্ৰয়োগ কৰিবৰ বাবে৷ মোৰ বোধেৰে এইটো সম্পূৰ্ণ যুক্তিসংগত আছিল৷ যি সকলে ইয়াৰ বিৰোধিতা কৰে, তেওঁলোক এবাৰকৈ পশ্চিম বংগ, চেন্নাই, বাংগালোৰ ইত্যাদি ঠাই ফুৰি অহা উচিত৷ মই বাংগালোৰত থকা অৱস্থাত, প্ৰায় 7-৮ বছৰ আগৰ কথা, এনে ঘটনা ঘটা দেখি আহিছো৷ যিবোৰ ব্যৱসায় প্ৰতিস্থানে কান্নাড়া ভাষা ব্যৱহাৰ কৰা নাই, সকলোৰে নাম ফলকত ক'লা ৰং সানি দিয়া হৈছিল৷ গতিকে এনেকুৱা ঘটনা নতুন নহয় বা অসমতে প্ৰথম ঘটা নাই৷ কিন্তু ঘটনাটোযে ঘটিল- সেইটোৱেই একাংশ অনাঅসমীয়া লোকক অহা কেইদিন মানলৈ অসমীয়াক গালি পাৰি থাকিবলৈ সুযোগ দিলে আৰু বহুদিনলৈ "একাংশ" অসমীয়া মানুহক ক্ষমাপ্ৰাৰ্থী কৰি ৰাখিব৷ 

No comments: