Thursday, July 12, 2007

বাৰে বাংকৰি, সপোন ইত্যাদি

মানুহে নিজে দেখা সপোন কিমান মনত ৰাখিব পাৰে বাৰু? হয়তো বেছিভাগ ক্ষেত্ৰতে আমি পাহৰি যাওঁ.....! কেতিয়াবা সাৰ পোৱাৰ লগে লগে অলপ সময়লৈ মনত থাকে, যিমানে দেৰি হয় সিমানে পাহৰি গৈ থকা যায়! গতিকে আজিকালি গাৰুটোৰ কাষতে কাগজ এডুখৰি, কলম এডালৰে সৈতে থৈ দিয়া কৰিছোঁ! সাৰ পাই উঠিয়ে যিখিনি মনত পৰে খছাখছ লিখি থওঁ! সকলোৰে ক্ষেত্ৰত সপোনত দেখা কথাৰ লগত বাস্তবৰ কিবা মিল আছেনে নাই নাজানো, মোৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা কিবা কিবি মিল বিছাৰি পাওঁ !

যেনে ধৰক, সেইদিনা এটা সপোন দেখা পালোঁ... মই আৰু দুজন বন্ধুৰে সৈতে বাটেৰে গৈ আছোঁ..! তেনেতে আন এজন বন্ধুক দেখা পালোঁ, (তেওঁক আজিলৈকে বাস্তবত মই লগ পোৱা নাই, কিন্তু লগ পাবলৈ বিছাৰি আছিলোঁ !!) আমাৰ খুব ফুৰ্ত্তি লাগিল, আৰু আমাৰে এজনে (আমাৰ মৰমৰ "ঘনকাই") বাটতে বিহু নাচিবলৈ আৰম্ভ কৰিলে! এনেকুৱা সপোনৰ ক্ষেত্ৰত বাস্তবৰ লগত সম্পৰ্ক স্থাপন কৰাটো সহজ !

কিন্তু, এনেকুৱা হ'লে কোনোবাই কি বুলি ব্যাখ্যা কৰিব !! যেনে ধৰক, মই সপোন দেখিলো.. এখন নদী হৈ বৈ গৈ আছোঁ..! হঠাতে মনত ভয় সোমালে (এনেকুৱা "কেছ" বোৰ সপোনত হে সম্ভৱ!! হে হে!!).. যদিহে বৈ বৈ শেষ হৈ যাওঁ?? গতিকে মাটিত খামুছি, দাঁতেৰে কামুৰি হ'লেও ৰৈ যোৱা যাওক, হে হে!! মানে এটা যা টা সপোন আৰু !! ("যা টা" তো প্ৰিয়ংকুৰ পৰা মাৰিলোঁ !) কিন্তু দেখিছিলো কেনে ধৰণে (মানে visualisation টো), এতিয়া পাহৰিলোঁ !!

ক'ৰবাত পঢ়িছিলোঁ, কিছুমান মানুহে নিজ ইচ্ছাৰে সপোনৰ দৃশ্যবোৰৰ ক্ৰম নিয়ণ্ত্ৰণ কৰিব পাৰে ! (অলপ ছয়াঁময়াঁকৈ মনত পৰে, ৰিছাৰ্ড ফাইনমেনেও এই বিষয়ে কিবা লিখিছিলে নেকি! বিছাৰিব লাগিব আকৌ এবাৰ ) মই সপোনত দুবাৰমান চেষ্টা কৰা মনত আছে, এৰি থৈ অহা দৃশ্যবোৰ আকৌ ঘূৰি গৈ ভালদৰে চোৱাৰ....! কিন্তু সদায়ে উভতি গৈ বেলেগ কিবাহে দেখা পাওঁ !! আপোনালোকৰ কাৰোবাৰ এনে অভিজ্ঞতা আছেনে ??

1 comment:

Ant Hill said...

আপোনাৰ লিধনি ভাল লাগিল,লিখি থাকিব.