এই ব্লগটো অসমীয়াত লিখিলো, নিজৰ সুৰক্ষ্যাৰ কথা ভাবি :p মোৰ পিঠিত ঔ পৰাটো মই বিচৰা নাই !!
যেতিয়াৰে পৰা গৱেষণাৰ কাম আৰম্ভ কৰিলো, তেতিয়াৰে পৰা, আজি প্ৰায় 5 বছৰ ধৰি শুনি আহিছোঁ সেই একেটাই প্ৰশ্ন, "তোমাৰ কাম কেতিয়া শেষ হ'ব আৰু থেচিছ কেতিয়া জমা দিবা?" শুনি শুনি কাণ ঘোলা হৈ গ'ল ! সঁচা কথা কবলৈ গ'লে, কোনোবাই গৱেষণা কৰি থকা বুলি গম পালে এইটো প্ৰশ্নয়ে প্ৰথম মনলে আহে, তাৰ বাবে আনক দোষ নিদিওঁ !! কাৰণ মই নিজেও আনক জোকাবলে মন গ'লে প্ৰায়ে এইটো প্ৰশ্নই কৰোঁ ! প্ৰশ্নটো কৰি বৰ sadist যেন লাগি যায় নিজকে, হে হে !!
এটা কথা ঠিক, মই বৰ্তমান যিটো প্ৰতিস্থানত আছো, তাতকৈ এখন বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰ-ছাত্ৰী বা এটি সৰু গৱেষণা প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীৰ কিছু কিছু ক্ষেত্ৰত সুবিধা আছে ! বিশেষকৈ সময়ৰ ফালৰ পৰা ! আমাৰ এডমিচনৰ সময়ত আমাক কোৱা হৈছিল...... "ইয়ালৈ অহাটো সহজ (তুলনামূলক ভাবে), যোৱাটো কিন্তু নহয়"!!!! কি কৰে কৰক ! এতিয়া ইয়াৰ পৰা সোনকালে ওলাই যাম বুলি ভাবিয়েতো আহিছিলো, হে হে !! সুবিধাবোৰ কেনে ধৰণৰ?? এই ধৰক, এটা সাধাৰণ SEM experiment কৰিবলৈ যদিহে আমাৰ ইয়াত 1 মাহ ৰ'ব লগা হয়... আপুনি কি কৰিব পাৰে ! কাৰণ ইয়াত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গৱেষণা-সঁজুলিৰ তুলনাত বহুত বেছি ! গতিকে এখন থেচিছ লিখিবলে যিমান খিনি পৰীক্ষা-নিৰীক্ষা কৰিব লাগে, অনুমান কৰি সময় খিনি যোগ কৰি দিয়ক !! 5-6 বছৰ পালেনে ? নাই পোৱা যদি আপুনি অংকত কেঁচা !! আমেৰিকাক অনুকৰণ কৰাৰ প্ৰৱণতা (বা সংস্কৃতিয়েই বোলক) এটা গঢ়ি উঠিছে.. ছাত্ৰ-ছাত্ৰীয়ে নিজে "গৱেষণাৰ বিষয়" বাছি লৈ কাম কৰাৰ ! ভাবি চালে কথাটো ভাল, পৰাপক্ষ্যত এনেকুৱাই হ'ব লাগে ! কিন্তু আমাৰ দৰে পৰিস্থিতিত, য'ত অবাবতে সময় নষ্ট হোৱাৰ বহু সুৰুঙা থাকে, systemটো অলপ সলনি হোৱাটো প্ৰয়োজনীয় ! বহু ক্ষেত্ৰতে গাইডে এটা পৰিষ্কাৰ বিষয় গৱেষণাৰ বাবে দিব নোৱাৰে .. কেতিয়াবা দেখা পাওঁ, আনকি কেনেধৰণৰ বিষয়ৰ ওপৰত গৱেণা কৰিব, তাৰ থূল-মূল আভাস এটাও দিব নোৱাৰে !! এইটো হয়তো সকলোৰে ক্ষেত্ৰতে খাটে, কিন্তু কিবা উপায়টো আছে নিশ্চয়, নে কি??
দুদিন মান আগতে, আমাৰ লেবৰ সকলো একেলগে চাহ খাবলৈ গ'লোঁ, আমাৰ "ফেকাল্টী ক্লাব"ৰ কাষৰ "আমূল"ত ! কথাই কথাই ওলালে, আমিবোৰে এনেদৰে চাহ খাবলৈ ওলাই আহি কিয় ভাল পাওঁ? এজন বন্ধুৱে ক'লে... "তেনেই সহজ, আমি এনেদৰে ওলাই আহি আমাৰ দৰেই বা আমাতকৈও দুৰ্ভগীয়া প্ৰাণী কিছুমানক লগ পাওঁ ! পাই মনটো ভাল লাগি যায় ! ভাব হয়, মই অকলে নহয়, আৰু আছে .... কোনোবা 6ষ্ঠ বৰ্ষত, কোনোবা 7ম বৰ্ষত .. !!" disgusting দেই !
এজন ছাত্ৰই নিজৰ জীৱনৰ (মই ভবাত) সকলোতকৈ মুল্যবান সময় খিনি ইয়াত খটাইছে ! তাৰ ফল যদিহে নাপাই, তেন্তে মানসিকভাবে ভাগি পৰাতো একো আচৰিত কথা নহয় ! ছাত্ৰ এজনক কাম নোহোৱাৰ বাবে শাস্তি দিয়াটো (সময়ৰ হিচাবত) তেনেই সহজ, কিন্তু কিছু পৰিমাণে হ'লেও গাইড গৰাকীও ইয়াৰ বাবে (দেৰি হোৱাৰ বাবে) জগৰীয়া... তেখেতক তাৰ বাবে penalize কৰা আজিলৈকে দেখা নাই ! যেনে ধৰক, এগৰাকী ছাত্ৰীয়ে 7 বছৰ পুৰা কৰিলে, আৰু নিজে ভাবিছে তেওঁ থেচিছ লিখিবলৈ আৰম্ভ কৰিব পাৰে ! গাইড কিন্তু নাছোৰ-বান্দা, অনুমতি নিদিয়ে ! ছাত্ৰী গৰাকী "ডীন"ৰ ওচৰ চাপিল, ডীনে অনুমতি দিলে লিখিবলৈ ! কিন্তু গাইডে নামানে ! "ডিৰেক্টৰ"ৰ ওচৰলৈ গ'ল কথাটো, তেখেতেও অনুমতি দিলে ! এইবাৰ গাইডে ক'লে, "মোৰ অনুমতি নোলোৱাকৈ থেচিছ লিখিবলৈ দিবলৈ আপোনালোক কোন ?? মই কেছ কৰিম!!" গতিকে "ডীন" আৰু "ডিৰেক্টৰ" দুয়ো তাপ মাৰিলে, আৰু কোৱা হ'ল যে গাইডৰ মতেহে থেচিছ লিখিব পাৰিব ! এইটো সঁচা ঘটনা !
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment