Sunday, September 16, 2007

টস্কাৰ টাইম

আগৰ লিখা এটাতে কৈছিলো "টস্কাৰ" পুৰষ্কাৰৰ বিষয়ে কেতিয়াবা লিখিম ! এইয়া সময় হৈছে ..... অসমীয়াত লিখিলো, কাৰণ এইটো ইংৰাজীত লিখি ধৰা পৰি মই নিজেও টস্কাৰ ল'ব নিবিছাৰোঁ !

আমাৰ ইনস্টিলৈ প্ৰথম আহি ভাবিছিলোঁ কি এখন নিৰস দুনীয়াত সোমালোহি !! কি কপাল !! অচিৰেই মোৰ ভুল ভাগিল ! ভাগিবলৈ বাধ্য হ'ল ... ! কাৰণ তেতিয়ালৈকে আমাৰ এই দুনীয়াখন আৰু তাত বাস কৰা (দুৰ্ভগীয়া) প্ৰাণী বোৰৰ লগত মোৰ ভালদৰে চিনাকিয়েই হোৱা নাছিল ! দেখিলো, মই ৰাতিপুৱা সাৰ পাই খাবলৈ গৈছো, আৰু কোনোবা মহাপুৰুষ/মহিয়ষী নাৰী গোটেই ৰাতি কাম কৰি উভতি আহিছে ! কোনোবাই বাটত নিজে নিজে ভোৰভোৰাই বা হাঁহি হাঁহি আহি আছে ! এজন বন্ধুৱে আকৌ ৰাতি গছৰ ওপৰতে শুবলৈ লৈছিলে, চিক্যুৰিটীয়ে দেখা পাই নমাই আনিছে ! (তেখেত প্ৰতিবছৰৰ টস্কাৰ বিজেতা, মৌগলী বুলি জনাজাত!) আৰু বহুত কিবা কিবি ... এতিয়া মনতে পৰা নাই !

আনে বিশ্বাস নকৰিব, আমাৰ ইনস্টিত বহুত পূজা পাতল-অখণ্ড নাম কীৰ্ত্তন ইত্যাদিও হয় ! DJ নাইট, সাংস্কৃতিক সন্ধ্যা, ধ্ৰূপদী সংগীতৰ অনুষ্ঠান হৈয়ে থাকে ! (মোৰ কিছুমান ঠাইলৈ যাবলৈ ভয় লাগে, সেইটো বেলেগ কথা !!!) পদাৰ্থবিদ্যা বিভাগত বছৰি বহুত অনুষ্ঠান হৈ থাকে .. নৱাগত আদৰণিৰ পৰা আৰম্ভ কৰি ইদলি-ৱাড়া (কেতিয়াবা ইয়াৰ বিষয়েও লিখিম বাৰু), ৰংগোলি, ট্ৰেজাৰ হান্ট, টস্কাৰ ... হোলি, দীপাৱলি সকলোৱে একেলগে পাতে ! বিভাগৰ ভিতৰতে "ৰমণ বিল্ডিং" আৰু "অ'ল্ড বিল্ডিং" ৰ মাজত প্ৰতিযোগিতা .. খেল পথাৰত ! (হে হে ! আমাৰ "ৰামানাইট" সকল এইক্ষেত্ৰত অলপ আগবঢ়া !) আজি হ'ল টস্কাৰৰ পাল !

আপোনালোকে ধৰিব পাৰিছেই টস্কাৰ শব্দটো অস্কাৰৰ পৰাই অহা ! বিভাগটোত যিজনেই (অজানিতে) কিবা কিবি খুহুতীয়া কাণ্ড কাৰখানা কৰি সকলোকে আমোদ দিছে তেওঁলোকলৈ এই বটাঁ আগবঢ়োৱা হয় ! বটাঁৰ বাবে নমিনেচন আহে বন্ধুবৰ্গৰ পৰাই ! নামৰ লগতে আহিব লাগিব সম্পুৰ্ণ বিৱৰণ ঘটনাটোৰ !নাম দিয়া সকলে ইচ্ছা কৰিলে নাম লুকুৱাই ৰাখিব পাৰে ! আৰু কোনোবাই যদি টস্কাৰ পাবলৈ নিবিছাৰে, তেতিয়া আগতেই দায়িত্তত থকা সকলক জনাই থ'ব পাৰে ! গতিকে বটাঁ পোৱাৰ পাছত কোনেও আৰু কাকো দোষ দিব নোৱাৰে !


দুটা মান উদাহৰণকে লওক ! এই শেষৰ বাৰৰ টস্কাৰ দুদিন মান আগতে হৈ গৈছে ! এইবাৰৰ এটি আকৰ্ষণীয় পুৰষ্কাৰ আছিল "শ্বুটআউট এট ফিজিক্স ডিপাৰ্টমেণ্ট" ! (লাখানৱালা নহয় ..!) ঘটনাটো হ'ল এনেকুৱা ! আমাৰ বিভাগৰ এটি বিখ্যাত নাম হ'ল প্ৰফেচাৰ অজয় কুমাৰ সুদ ! তেখেতৰ বহুত কেইটা আৱিষ্কাৰৰ বাবে কেইবাবাৰো কাকতত নাম ওলাইছে ! কিন্তু এইবাৰ আহিল কেমেৰা... গতিকে ... তেখেতৰ আটাইকেইজন ছাত্ৰকে একেলগে এই বটাঁ দিয়া হ'ল !




"নট চো ল'নলী হাৰ্ট" পুৰষ্কাৰ পালে এজন বন্ধুৱে ... কাৰণ তেওঁৰ লেবলৈ বৰ্তমান ধুনীয়া কোনোবা আহিছে.. থাকিব হ'বলা কিছুদিন !

আমাৰ বিভাগৰ বাহিৰত এটা কুকুৰক সদায় দেখা যায় ! কোনোবা খাবলৈ গ'লেই সিও যায় পিছে পিছে ! এক্কেবাৰে আমাৰ লগৰে হৈ গৈছে ! গতিকে আনুষ্ঠানিক ভাবে তাক বিভাগত ভৰাই লোৱা হ'ল !! তাক এখন পদাৰ্থবিদ্যা বিভাগৰ ছাত্ৰৰ পৰিচয়পত্ৰ পিন্ধাই দিয়া হ'ল.... আৰু বিভাগৰে এজন প্ৰফেচাৰৰ ছাত্ৰ হিচাবে আমি সকলোৱে গ্ৰহণ কৰি ললোঁ !!

প্ৰতিস্থানলৈ নতুন প্ৰফেচাৰ আহিলে মানুহৰ চিনাত অসুবিধা হৈ যায় ! বুঢ়া ছাত্ৰ নে নৱাগত প্ৰফেচাৰ ! আমাৰে এজন চাৰৰ লগত এনে হ'ল ! গতিকে ৰাইজে সহজে তেখেতক চিনি পাবৰ বাবে তেখেতক দিয়া হ'ল এটা প্ৰকাণ্ড নেমটেগ, য'ত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে "প্ৰফেচাৰ" !

আমাৰে এজন চিনিয়ৰ, মুৰে ভৰি কঢ়াত বিখ্যাত ! Foot over Head নামৰ ফুটবল টিমটোৰ স্বনামধন্য আৰু সুযোগ্য অধিনায়ক ! গতিকে তেওঁ এটা টস্কাৰ পোৱাটো ধুৰূপ !!

"মিছ ফিজিক্স" পুৰষ্কাৰ !! আপোনালোকে অনুমান কৰকচোন দেখিবলৈ কেনে হ'ব এই পুৰষ্কাৰ পোৱা গৰাকী ??

তেখেত দড়ীয়া ! দাড়ি থকা ছোৱালী নহয় ... উপৰোক্ত ফুটবল টিমটোৰ এগৰাকী খেলুৱৈ !! যি সদায়ে শ্বট লবলৈ গৈ "মিছ" কৰে !! গতিকে .... এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ'ব ! এই "মিছ ফিজিক্স" গৰাকীৰ এইটো হ'ল এটি তেনেই নিমাখিত কাণ্ড !! যোৱাবছৰ তেখেতে হাবিত অকলে ট্ৰেকিং কৰিবলৈ গৈ হেৰাই গ'ল ! প্ৰতিস্থানৰ পৰা দুবাৰকৈ ৰেচক্যু টিম পঠোৱা হ'ল !! আঁঠ দিন মানৰ পাছত তেওক জীৱন্ত অৱস্থাতে বিছাৰি পোৱা গ'ল ! সেইটোৱো এটা কাহিনী !!



এই ভিডীঅ'টোত থকা জন original জন নহয় ! তেখেতৰ অনুপস্থিতিত তেখেতৰ almost lookalike এজনে লৈছে পুৰস্কাৰ ! মনত আছেনে ?? এইজন সেই গছৰ ওপৰত শোৱা জন !!!

মোৰ লেবত এজন চিনিয়ৰ আছিল, মণিপুৰৰ .. বৰ ভাল কবিতাও লিখিছিল .. কোনোবা এটা আমেৰিকান অনুস্থানে তেওঁ লিখা কবিতা পাঠ কৰিবৰ বাবে মাতিছিল ! কথাটো গম পাই ৰাইজে তেওঁক এটি পুৰষ্কাৰেৰে সন্মান জনালে .. কবিতা লিখিবৰ বাবে অলপমান "টিছু পেপাৰ" আৰু এডাল ভঙা পেন্সিল !! আমাৰ লেবৰ আৰু এজনে পাইছে আগতে .. এইজনা আকৌ অন্ধ্ৰৰ ... পাইছিল তেওঁ পাবলগীয়া সম্ভাব্য 20 লাখ টকীয়া যৌতুকৰ বাবে !!! মোৰ লগৰে ছোৱালী এজনীয়ে পাইছিল "স্নিফাৰ ডগ" সন্মান .. কাৰণ তাই য'তে ত'তে গোন্ধ বিচাৰি পাই ! এজনক দিয়া হৈছিল এটা লেবৰ সমষ্ট ধাতৱ সামগ্ৰী .. হাতুৰী - বটালী - গজাল .. চব ! কাৰণ সি ৰাতি এদিন নিজৰ সোণৰ আঙুঠিটো হেৰু্বাই গোটেই বিভাগতে "মেটেল ডিটেক্টৰ" বিছাৰি ফুৰিছিল .. আৰু বিছাৰি নাপাই নিজেই এটা বনাব খুজিছিল ৰাতিয়েই ! কিমান উদাহৰণ দিম আৰু, ভাগৰেই লাগিলে !

এজন দুজন মানুহক বুৰ্বক আমি বনাই পাইছোঁ ... কিন্তু পাইকাৰী হাৰত .. যেনে গোটেই ক্লাছ টোকে .. ধৰক !

আমাৰ ইয়াত এবাৰ হৈছিল !

যোৱাবছৰৰ কথা ! নৱাগত সকল আহিছে ! ভালদৰে এতিয়াও একো উৱাদিহ পোৱা নাই ! আমাৰ বিভাগত এটি লেব আছে .. যিটোৱে টস্কাৰ বটাঁ প্ৰদান কৰাত সকলোতকৈ বেছি আগভাগ লয় ! তেওঁলোকৰ লেব'ৰ পৰা নৱাগত সকলক কোৱা হ'ল .. বিভাগত থাকিবলৈ হ'লে কোনো "ক্ৰিমিনেল ৰেকৰ্ড" থাকিব নালাগিব ! "নো ক্ৰিমিনেল ৰেকৰ্ড" চাৰ্টিফিকেট খন বিৰাট দৰকাৰ ! সিহঁতে এতিয়া ক'ত পাই সেইখন !! কোৱা হ'ল, সিমান চিন্তাৰ কাৰণ নাই ! বিভাগৰ চেয়াৰমেনৰ কম্পিউটাৰ টোৰ পৰা ক্ৰিমিনেল ৰেকৰ্ড ৰখা আৰ্কাইভ টোৰ লগত যোগাযোগ কৰি চাৰ্টিফিকেট খন যোগাৰ কৰা হ'ব ! তাৰ কাৰণে চবৰে হাতৰ তলুৱাৰ scanned ছবি একোখনৰ প্ৰয়োজন ! সিহতক কোৱা হ'ল এটি শনিবাৰে, যাতে অফিচ বন্ধ পাই ! আৰু লগতে কোৱা হ'ল .. সিহঁতে সেই "স্কেন"টো সেই লেব টোতো কৰিব পাৰিব ! সকলো গৈ লাইন পাতিলে ! লেবৰ "স্কেনাৰ" টো কম্পিউটাৰৰ লগত "ইণ্টাৰফেচদ" ! এবাৰ এটাই হাতখন ভৰাই স্কেন কৰিবলৈ ল'লেই স্ক্ৰীনত ওলাই ... "চেকিং ফ'ৰ ৰেকৰ্ড" .... বহুত সময়ৰ পাছত ওলাই - "নো ক্ৰিমিনেল ৰেকৰ্ড" ! গতিকে আটাইকেইটাৰে চাৰ্টিফিকেট বনোৱা হ'ল ! তাত হস্তাক্ষৰ দিলে প্লেনটো যাৰ যাৰ আছিলে তেওঁলোকে ... ! (তাৰে মেইন মানুহজন আছিলে আমাৰে এজন খাৰখোৱা, বৰপেটাৰ ওচৰৰ বিজনিৰ .. অচ্যুতদা!) কিন্তু আচৰিত কথাটো হ'ল .. টস্কাৰৰ দিনা এই ভেদ ভাঙি দিয়াৰ আগলৈকে সিহঁতৰ এটাইয়ো ভবা নাছিল, একো সন্দেহ কৰা নাছিল !

No comments: