Wednesday, February 18, 2009

আহ্!! কি শান্তি|

বুজিছে ৰাইজ, আজি থেচিছ কল'ক্যুৱাম (colloquium) টো দিয়ে দিলো| লিখা শেষ হোৱা নাই অৱশ্যে| কিন্তু বৰ শান্তি পাইছোঁ| কান্ধৰ পৰা ডাঙৰ বোজা এটা নামি যোৱা যেন লাগিছে| এইকেইদিন প্ৰেজেন্টেছন টো কেইবাৰ যে সলালোঁ থিক নাই| আনৰ কথা নাজানোঁ, কিন্তু মোৰ অলপমান মঞ্চভয় এতিয়াও থাকি গ'ল! গতিকে কালি ৰাতি শান্তিৰে শোৱা নহ'ল| (অৱশ্যে সদায় ৰাতি দেৰিকৈ লেবৰ পৰা যোৱাৰ অভ্যাস কৰি কৰি এতিয়া সোনকালে গৈও একো লাভ নোহোৱা পৰ্যায় এটা পাইছেহি|) আজি প্ৰেজেন্টেছন দিয়াৰ আগতে টেনচনত চাহ একাপ বগা চোলাটোত নিজে ঢালি ললোঁ| আৰু কথা ক'বলৈ আৰম্ভ কৰাৰ পাছত টো আৰু ৰাইজৰ ফালে ঘুৰি চোৱাটোও পাপ| (অৱশ্যে প্ৰতিবাৰ সেই পাপকৰ্ম ফেৰা কৰিলেই মই আমাৰ চেয়াৰমেনক টোপনিয়াই থকা দেখা পাইছিলোঁ| মনটো তেতিয়া ভালো লাগিছিল| ভাৱ হৈছিল, আজি সৰকি গলোঁ, প্ৰশ্ন সোধোঁতা মানুহ নাই!) পিছে সকলো ভালে কুশলেই পাৰ হৈ গ'ল| বৰ শান্তি পাইছোঁ|

চাওঁচোন, মোৰ মুভি এলবামটো ক'ত থ'লোঁ!!

No comments: