Thursday, May 12, 2011

সেই 'বেৰোমিটাৰ' টোৰ কাহিনী

বায়ুমণ্ডলৰ চাপৰ মাপ লবলৈ বেৰোমিটাৰ ব্যৱহাৰ কৰা হয়৷ আমাৰ প্ৰায় সকলোৱে হয়তো এজন ছাত্ৰক এটা বেৰোমিটাৰেৰে কেনেদৰে এটা অট্টালিকাৰ উচ্চতাৰ মাপ লব পাৰি বুলি সোধা প্ৰশ্নটোৰ কাহিনীটো এবাৰ হলেও শুনিছে৷ কাহিনীটোৰ মতে, সেই ছাত্ৰজন আছিল "নীলচ ব'ৰ"৷ কাহিনীটোৰ আৰম্ভণি কেনেদৰে হল জানিবৰ বাবে মনটো লকলকাই আছিল, মাত্ৰ বিছাৰি পোৱা নাছিলোঁ৷ দুদিন মান আগতে হঠাতে আন কিবা কিবি বিছাৰি থাকোঁতে এইটো পাই সকলোকে তাৰ ভাগ দিওঁ বুলি ভাবিলোঁ৷

মূল কাহিনীটো আহিছে আলেক্জান্দাৰ কাচান্দ্ৰাৰ লিখনিৰ পৰা (এঞ্জেলচ অন এ পিন, এ মডাৰ্ণ পাৰাবল্, চেটাৰডে ৰিভিউ, 21 ডিচেম্বৰ, 1968)৷ কাহিনীটো সত্য, মাত্ৰ তাত উল্লেখ নাপালোঁ সেই ছাত্ৰজন নীলচ বৰ আছিলনে নাই! ইয়াতে আপোনালোকে নিজেই পঢ়ি লওক!!

লগতে আপোনালোকক আৰু অলপ "আপদেট" কৰি দিওঁ৷ সেই বেৰোমিটাৰৰ প্ৰশ্নটোত আৰু দুটামান উত্তৰ যোগ হৈছে! সেই উত্তৰ বোৰ ইয়াত পাব৷ মোৰ ফেভাৰিট - "অট্টালিকাটো বতাহমুক্ত কৰি পানী ভৰাই লওক, আৰু বেৰোমিটাৰটোৰ সহায়ত পানীৰ চাপৰ মাপ লওক .......!!"

No comments: