Sunday, February 23, 2014

মোদীৰ ভাষণ, নদী সংযোগ, বাংলাদেশী সমস্যা ইত্যাদি

ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ দুবাৰকৈ আহি ভাষণ দি গ'লহি৷ দুটামান কথাত মই বৰ ভাল পাইছোঁ৷ ভাজপাৰ অসমৰ নেতায়েই এতিয়ালৈকে কিছুমান কথা সজোৰে উত্থাপন কৰিব পৰা নাই- হয়তো সৰ্বভাৰতীয় স্তৰত তেওঁলোকৰ এতিয়ালৈকে কোনো প্ৰাধান্য নাই৷ অবৈধ অনুপ্ৰৱেশ - অসমৰ এশ এবুৰি সমস্যাৰ ভিতৰত এটা সকলোতকৈ লেখত ল'বলগীয়া সমস্যা৷ এই সমস্যাটো গোটেই দেশৰে সমস্যা - সমগ্ৰ ভাৰতেই এই বোজা বহন কৰা উচিত৷ (মোদী ডাঙৰীয়াই মাত্ৰ "হিন্দু" শৰণাৰ্থী সকলৰ কথা হে কৈ গ'ল৷ কিন্তু সেইটোৱো এটা ইতিবাচক পদক্ষেপ!) অবৈধ অনুপ্ৰৱেশকাৰীক মই ধৰ্মৰ নামত বিভাজন নকৰোঁ৷

এই খিনিতে কালি ৰাতি (২২ ফেব্ৰুৱাৰী) "নিউজ টাইম"ৰ এটি আলোচনালৈ মনত পৰিছে৷ আলোচনাত ভাগ লৈছিল শ্ৰী যুত ননীগোপাল মহন্ত ডাঙৰীয়া, ৱাচবীৰ হুচেইন, প্ৰদ্যুত বৰা আৰু ৰিপুণ বৰাই৷ মহন্ত ডাঙৰীয়াৰ মতে অবৈধ অনুপ্ৰৱেশ কাৰী সকলক শৰনাৰ্থীৰ মৰ্যাদা দিয়াত ভাৰতৰ ন্যায়িক সমস্যা আছে৷ যদিহে সঁচা হয়, আৰু সঁচা বুলি মই বিশ্বাস কৰিছোঁ, তেন্তে মোদী ডঙৰীয়াৰ কথা কাৰ্য্যত পৰিণত হ'বলৈ ৬০ মাহ কিয়, ৬০ বছৰো কম হ'ব৷ কিন্তু এইসময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ সকলোতকৈ শক্তিশালী দাবীদাৰ জনে এই কথাটোযে কৈ গ'ল, সেইটোৱেই যথেষ্ট গুৰুত্বপূৰ্ণ৷

আজিৰ পৰা প্ৰায় ৭-৮ বছৰৰ আগৰ কথা৷ মই তেতিয়া বাংগালোৰত গৱেষণাৰত ছাত্ৰ আছিলোঁ আৰু মোৰ গাইড আছিল কৰ্ণাটকৰে ভাট চাৰ৷ তেখেত কিবা কামত গুৱাহাটীলৈ আহি ব্ৰহ্মপুত্ৰ নদী খন দেখি আচৰিত হ'ল৷ অকল তেখেতেই নহয়, মোৰ দক্ষিণ ভাৰতীয় কেইবাজনো বন্ধু - গুৱাহাটীৰ পৰা উভটি যোৱাৰ পাছত মাত্ৰ ব্ৰহ্মপুত্ৰৰ কথাই কৈ থাকিল৷ আমাৰ গৱেষণাগাৰত ভাৰতৰ প্ৰায় সকলো প্ৰান্তৰে ছাত্ৰ আছিল আৰু ভাট চাৰৰ লগত বহুতো কথাই আলোচনা কৰিব পাৰিছিলোঁ৷ কথা প্ৰসংগত চাৰে এদিন ক'লে - ব্ৰহ্মপুত্ৰ এখন বিশাল নদী৷ ইয়াৰ পানী ভাগ আন ঠাইলৈ বোৱাই নিব পাৰিলে ভাল হ'ব৷ তাকে সমৰ্থন কৰি ফুৰণ দিলে মোৰ তামিল বন্ধু চ'ক্কালিংগমে৷ তাৰ মতে, এই সম্পদ সমগ্ৰ দেশৰে সম্পদ৷ গতিকে গোটেই দেশখনেই এই সম্পদৰ ফল ভোগ কৰা উচিত৷ এই প্ৰসংগতে কৈ থওঁ, ভাট চাৰ "উত্তৰ কান্নাড়" জিলাৰ নিৱাসী আৰু তেখেত সকলৰ অঞ্চলত জনমূৰী মাটি ইমানেই বেছি যে মাত্ৰ এটা পৰিয়ালেই একোখন গাওঁ অধিকাৰ কৰি থাকে৷ চ'ক্কালিংগমৰ কথাত মই কলোঁ - নিশ্চয় আমি দেশৰ সম্পদৰ লগতে সমস্যাবোৰো ভাগ কৰি লোৱা উচিত৷ তহঁতে আমাক অলপ অলপ মাটি দে - য'ত আমি অবৈধ অনুপ্ৰৱেশকাৰী বোৰক ৰাখিব পাৰিম৷ তেতিয়া কিন্তু কোনেও একো নামাতিলে৷

গতিকে......... কথাবোৰ ইমান সহজ নহয়, দেখিলেহে লেখিম!

No comments: