Monday, September 5, 2011

শিক্ষক দিৱস আৰু এটা চিন্তা

আজি (৫ চেপ্টেম্বৰ) শিক্ষক দিৱস৷ কেইবছৰ মানৰ আগলৈকে মেজৰ ওলোটা দিশত বহিছিলোঁ৷ আজি এগৰাকী ছাত্ৰীয়ে সুধিলে, 'চাৰ আপোনাৰ অনুভৱ কেনেকুৱা'? মই বোলো মেজৰ এইফালে বহি বেয়া লগা নাই! (সিহঁতক নকলোঁ, যেতিয়া সিহঁতৰে দুজন মানে মই সোধাত জীৱনত লক্ষ্য শিক্ষক হোৱা বুলি কলে.... আজি মই অত্যন্ত সুখী! অন্তত: মই সেইটো এটা কমপ্লিমেণ্ট বুলি ধৰি লৈছোঁ৷) আজি শ্ৰেণীকোঠাত হোৱা আলোচনাত নিয়মীয়া পাঠদানৰ বাহিৰেও আৰু বহু কথাই স্থান পাইছিল৷ যেনে - দুৰ্নীতিৰ সংজ্ঞা, নিৰ্বাচন, জনলোকপাল ইত্যাদি৷ লগতে আমাৰ মাজৰে কোনে কোনে বাধ্যত পৰি হ'লেও দুৰ্নীতিক প্ৰশ্যয় দিছে! উদাহৰণ অসংখ্য! কোনো ছাত্ৰীয়ে নিজৰ প্ৰাপ্য (অনুসূচীত জনজাতিৰ বাবে) জলপাণীৰ বাবে কাৰ্য্যালয়ত তাৰে এটা অংশ দিব লগা হয়! ছাত্ৰবাসত বোলে কোনোৱে জ্যেষ্ঠ ছাত্ৰৰ দাবী-হুমকিত আন কাৰোবাক ভোট দিব লগা হয়! মুঠতে আমাৰ প্ৰতিটো পদক্ষেপতে দুৰ্নীতি ইমান দকৈ শিপাই আছে যে ইয়াক নিৰ্মূল কৰাটো এতিয়া আৰু সহজসাধ্য হৈ থকা নাই৷ কিন্তু কুমলীয়া বয়সতে যদি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক দুৰ্নীতিক প্ৰশ্যয় নিদিবৰ বাবে প্ৰত্যয় নিয়াব পাৰি, মই ভাবো .. এতিয়াও আশা আছে!!

No comments: