Saturday, July 21, 2007

5 বছৰ আগতে.... এইসময়ত....!

আজি 5 বছৰ হ'বৰ হ'ল, প্ৰায়.. মানে মই আমাৰ ইনষ্টিলৈ অহাৰ কথা কৈছো ! আৰু আটাইতকৈ ডাঙৰ কথা, 5 বছৰ আগতে এইটো সময়লৈকে মই জনা নাছিলো, যে মই ইয়াত seat পাইছোঁ.. মানে এটা অপদাৰ্থ আছিলোঁ আৰু..!
ভাগ্য - ভাগ্যয়ে বহুত খেল খেলে ! এদিন IITG'ৰ ল'ৰা এজনক লগ পালো, কটনত মোৰ junior আছিল ! সুদৰ্শন বৰুৱা ! সি ক'লে যে মই ইয়াত seat পাইছোঁ, মই বিশ্বাসেই কৰা নাছিলো ! ৰিজাল্ট ওলালে কেতিয়াবাই .. দুদিন পাছত IITG'ত interview আছিলে ! তাৰো এডমিট কাৰ্ড পোৱা নাই, আৰু seat পোৱাৰো কোনো খবৰ নাই ! আছলতে, ঘটনাটো হ'ল... ঠিকনাটো আছিল মা'ৰ স্কুলৰ ! গৰম বন্ধৰ সময়, স্পীড প'ষ্টত অহা চিঠি.. পিয়নে কাকো নাপাই দুয়োখনেই উভটাই পঠালে ! (কথাটো পিছত হে গম পালোঁ !) 19 জুলাইত আই.আই.টি.ত ইন্টাৰভিউ.. 18 তাৰিখে নিজে গলোঁ ডুপ্লিকেট এখন এডমিট কাৰ্ড আনিবলৈ ! 19 তাৰিখে বাংগালোৰলৈ ফোন কৰিলো আই.আই.টি.ৰ পৰাই ! ক'লে যে তেওঁলোকে ইতিমধ্যে ৱেইটিং লিষ্টৰ মানুহক মাতিলেই, আৰু এতিয়া একো কৰিব পৰাত নাই ! টেনচনতটো আগৰাতি টোপনিয়ে নাহিলে, এইবাৰ তাত ইন্টাৰভিউতোৱো বেয়া হৈ থাকিলে বাপ্পেকে ! (ফোন টো ইন্টাৰভিউৰ আগতে কৰিব নালাগিছিল চাগে!!) ... গতিকে ডক্টৰেট ডিগ্ৰী লোৱাৰ আশা ফেৰীৰে নদী পাৰ হওঁতেই জলান্জলি দি ঘৰৰ লৰা ঘৰলৈ ঘুৰি আহিলো !
4-5 দিন পাছত, অচ্যুতদাক গুৱাহাটীত চিটী বাছত লগ পালোঁ ! (তেখেতে ইয়াত গৱেষণা শেষ কৰিলে, ডেৰ মাহৰ পাছত জাৰ্মানীলৈ গৈ আছে..!) তেখেতৰ কথা মতে লৰালৰিকৈ আমাৰ ডিপাৰ্টমেন্টৰ চেয়াৰমেনলৈ ইমেইল কৰিলোঁ, উত্তৰো পালো, আৰু 25 জুলাইত তেখেতে ঘৰলৈও ফোন কৰি খবৰ ল'লে.. আন ক'ৰবাত এডমিছন লৈছো নেকি?? (বহুতকে ফোন কৰিয়ে খবৰ দিয়ে..) আৰু লগালগ টোপোলা বান্ধিবলৈও উপদেশ দিলে..!
কথাখিনি লিখিলো.... কাৰণ সেইসময়ত মই ভবাই নাছিলোঁ ইয়ালৈ আহিম বুলি.. এইটো হঠাতে অহা এটা টাৰ্নিং পইন্ট হয়তো! আৰু এতিয়া মাজে মাজে মনত পৰি হাঁহি উঠে, ইয়ালৈ নহা হ'লে মই কি হ'লোহেতেন .. আৰু মোৰ কি কি নহ'লহেতেন !! সেইসময়ত মই "এয়াৰ ফোৰ্চ"ত যোগ দিয়াৰ কথা বৰ চিৰিয়াচলী ভাবি আছিলোঁ ! কোনে জানে? হয়তো সোমালোৱেই হেতেন !!
May be life'd have been diferent then, if not better!!!

No comments: