Thursday, August 4, 2011

ইণ্টাৰণেট, য়ুনিকোড আৰু উচ্চাৰণ ইত্যাদি.......

আজি কিছুদিনৰ পৰা কম্প্যুটাৰত অসমীয়াত লিখিবৰ বাবে ৰাইজ বহুপৰিমাণে আগ্ৰহী হৈ উঠা দেখিছোঁ৷ মনটো ভালো লাগিছে আৰু লগতে অলপ দুখো লাগিছে! দুখ কিয় লাগিছে, সেইটো পিছত সুযোগ পালে লিখিম৷ আজি বেলেগ এটা কথা হে লিখিব খুজিছোঁ৷

আমি অসমীয়া সকলৰ বেছিভাগেই বানানৰ প্ৰতি বৰ এটা সচেতন নহয়, আৰু ময়ো ইয়াৰ ব্যতিক্ৰম নহয়! অসমীয়া বানানৰ শুদ্ধ-অশুদ্ধ বিচাৰ কৰিবলৈ আমাৰ কেইবাখনো অভিধান আছে৷ ইংৰাজী-অসমীয়া অভিধানো আছে৷ কিন্তু আমি সকলোতকৈ বেছিকৈ ব্যৱহাৰ কৰা ইংৰাজী শব্দ কেইটামানৰে বানান কোনটো শুদ্ধ - সেইসম্পৰ্কে আমি একমত হ'ব পৰা নাই৷ উদাহৰণ - ইণ্টাৰনেট৷ বিদেশী মূলৰ শব্দবোৰত সদায় 'ন' হে হ'ব লাগে বুলি জানো৷ কিন্তু আমি এই শব্দটো উচ্চাৰণ কেনেদৰে কৰোঁ?? আমি আন ভাৰতীয় ভাষাসমূহৰ দৰে যিদৰে লিখোঁ সেইদৰে উচ্চাৰণ কৰোঁনে? (যেনে - আন সকলোৱে ণ আৰু ন বা চ আৰু ছ বেলেগ ধৰণে উচ্চাৰণ কৰে৷) বা আমি যিদৰে উচ্চাৰণ কৰোঁ সেইদৰে লিখোঁ নে? আন ভাষাৰ পৰা অহা শব্দবোৰ অসমীয়াত লিখিবলৈ যাওঁতে আমি সাধাৰণতে শুদ্ধ উচ্চাৰণটোৰ যিমান কাষলৈ যাব পাৰোঁ সিমানেই মংগল৷ এতিয়া ওপৰত কোৱা য়ুনিকোড শব্দটো বহুতে ইউনিকোড বুলি লিখে৷ কোনটো শুদ্ধ সেইটো ময়ো নাজানো৷ কিন্তু মই যিধৰণে নিজে উচ্চাৰণ কৰোঁ, সেইধৰণে লিখি ভাল পাওঁ৷ ইংৰাজীত unicode বুলি ক'লেতো আমি য়ুনিকোড বুলিয়ে উচ্চাৰণ কৰোঁ!! লিখোঁতে কিয় বেলেগ হয়? Internetটো আমি ইণ্টাৰণেট বুলিহে উচ্চাৰণ কৰোঁ৷ (দুয়োটা ণ উচ্চাৰণ কৰোঁতে আমি এবাৰো জিভাখণ দাঁতৰ সংস্পৰ্শলৈ নানোঁ! মানে .... মই নানোঁ!!) যেতিয়ালৈকে আমাৰ ভাষাবিদ সকলে মোক অলপ জ্ঞানদান নকৰে, মোৰদ্বাৰা এই ভুল হৈয়ে থাকিবযেন পাওঁ!! মিতা, শুনিছানে?

No comments: